পৃষ্ঠা:কুলাচল বধ.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
কুলাচল বধ ৷

শুনিয়া গালবে বোলে আমাৰ আশয়।
তথাক চলিলে জানো প্ৰমাদ মিলয়॥
এতেকেসে বোলোঁ তোৰা সৰক বচন।
কিন্তু মহাক্ষেত্ৰ সিটো স্থান বিতোপন॥
যেহি লাগে কৰা বাপু তোৰা পাঞ্চ জনে।
এহি কহি মৌন ভৈলা ঋষি সেই থানে॥
পক্ষিগণে বোলন্ত জৈমিনি মুনিবৰ।
ঈশ্বৰৰ ইচ্ছাক বাধিবে কোন নৰ॥
ভূমি ভাৰ গুচাইবেক পাণ্ডবে বনত।
ঈশ্বৰৰ ইচ্ছা হেন আছয় মনত॥
তাক বাধিবাক জানা কমনে পাৰয়।
চাৰিয়ো পাণ্ডবে মনে কৰিলা নিশ্চয়॥
নৃপতিৰ মনে আগে সংশয় আছিল।
তীৰ্থৰ কাহিনী শুনি মন বিহৰিল॥
মনে ভাবে তীৰ্থক লাগয় দেখিবাক।
চাৰি ভাইক চাহি হেন বুলিলেক বাক॥
শুনা সৰ্ব্বজন পুণ্য ভাৰতৰ কথা।
তৰিবা সংসাৰ ভয় নাহিকে অন্যথা॥
ইহলোকে ভুকুতি অন্তিমে মোক্ষপদ।
হৰি হৰি বোলা সবে খণ্ডোক বিপদ॥