পৃষ্ঠা:কুলাচল বধ.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কুলাচল-বধ।

ৰাজগণ বীৰগণ হয় হস্তী ৰথ।
প্ৰজায়ে যুড়িলে সাতদিবসৰ পথ॥
গজঘণ্টা শবদে ধৰণী মেলে ফাট।
প্ৰজার ঘঞ্চালে পুৰিলেক স্বৰ্গবাট॥
এহিমতে চলে ৰাজা প্ৰজা বীৰচয়।
পাছে দেখিলেক অমঙ্গল তমোময়॥
হালধি রুধিৰ বহে পড়ে ধূমকেতু।
বহয় শোষক বায়ূ প্ৰজাক্ষয় হেতু॥
চামুণ্ডা যোগিনী চুলিমেলি আগেস্থিত।
আকাশত জলে দেখে দুতয় আদিত্য॥
কুকুৰ শৃগালে কৰৈ আৰাৱ প্ৰচণ্ড।
গৃধ্ৰ সবে নাদয় নবাজে বাদ্যভাণ্ড॥
এহিমতে বিমঙ্গল দেখিলেক যত।
পুত্ৰতেসে মন ৰাজা নামানে প্ৰত্যেক॥
ঋষিক কৰয় ক্ৰোধ পুত্ৰশত্ৰু মানি।
অহম্মদভাৱে খেদি যাৱয় অজ্ঞানী॥
পুত্ৰভাৰ্য্যা বিষয়ত থাকে যিটো জন।
বিষ্ণু বৈষ্ণৱত তাৰ অন্ধহোৱে মন॥
এহিমতে চলিযাই কতদিনমান।
অনন্তৰে পাইলা ক্ষীৰবন সন্নিধান॥