পৃষ্ঠা:কুলাচল বধ.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কুলাচল-বধ৷

কোন বুদ্ধি তোহোৰ গুছিবে ইটোশাপ।
বিধিৰ লিখন কৰ্ম্ম খণ্ডে কাৰ বাপ॥
যৈকে যাহা তৈতে তোৰ উচ্ছৃঙ্খল কাষ
তোহোৰ প্ৰতাপে নষ্ট ভৈল সামৰাজ॥
ভাল কন্যা ভাল দ্ৰব্য নৰৈল লোকৰ।
আপোনাৰ তই মাত্ৰ পুষিলি উদৰ॥॥
অবশেষে আপোনাক আপুনি নাশিলি।
ঘোৰ ব্ৰহ্মশাপে পড়ি সরূপ এড়িলি॥
এহিমতে ৰাজা বহু বিলাপ কৰিল।
সংক্ষেপ পদত তাত লিখন নভৈল॥
বপুসুত বদতি শুনিয়ো মুনিজয়।
বৈষ্ণৱৰ হাতে হৰি দুষ্টক নাশয়॥
আপোনাৰ দোষ হৰি ক্ষমাপণ কৰে।
মহন্তৰ দ্ৰোহে অধোগতি হৱে নৰে॥
কৰ্ণদত্ত মহাৰাজা পৃথিবী পালয়।
যাহাৰ ৰাজ্যৰ প্ৰজা ধৰ্ম্মৰ আলয়॥
তাহাৰ গৃহত স্থিতি ধূম্ৰাক্ষ কুমতি।
আপোনাৰ দোষে পাপ গৈল অধোগতি।
কিন্তু, তাৰ সঙ্গে আনো বহু প্ৰজাচয়।
কুসঙ্গ দোষত নষ্ট ভৈলেক নিশ্চয়॥