পৃষ্ঠা:কুলাচল বধ.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কুলাচল বধ৷

দিনা দুই অন্তেগৈয়া সেনাক দেখিল।
তাহাৰ ভাৱক দেখি সকল ডড়িল॥
বিকট শৰীৰ গোট মুখ ছাগলৰ।
তীক্ষ্ণদুই শৃঙ্গ অতি দেখি লাগে ডৰ॥
পাত্ৰ মন্ত্ৰী সবে পাছে ওছৰ চাপিল।
কুমৰৰ গাৱেদেখি বিষাদ মিলিল॥
গালব বদতি কথা অতি আচৰিত।
ঘোৰ ব্ৰহ্মশাপ আসি মিলিল তহিত॥
পঞ্চ প্ৰহৰৰ যতমান লোকগণ।
ঋষি শাপে দানৱ ভৈলেক তেতিক্ষণ॥
বিকট কুবেশ ভৈলা বুদ্ধিত বিষম।
মানুষৰ গুছিলেক আচাৰ নিয়ম॥
সবে অমঙ্গল ভাৱ কুবুদ্ধি কঠোৰ।
মহাপাপচিত্ত কাৰো নপাৱয়ওৰ॥
অগস্তি সহিতে যত কুমৰে কৰিল।
ইটো গোপ্য কথা সিটো কাতো নকহিল॥
অৰ্ব্বুদেক লোক বনে গৈয়া আছিলেক।
তিনিভাগ মানে তাৰ দানব ভৈলেক॥
নগৰ সাজিয়া পঞ্চ প্ৰহৰৰ পথ।
তহিত ৰহিলা সবে হয় হস্তী ৰথ॥