পৃষ্ঠা:কুলাচল বধ.djvu/৪১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৯
কুলাচল-বধ৷

মই মহাদীন,  সংসাৰে মলিন,
 তুমি পূৰ্ণ সনাতন।
তোমাৰ দুখানি,  চৰণে ৰহোক,
 মোৰ মন সৰ্ব্বক্ষণ॥
সকলে শাস্ত্ৰত,  প্ৰসিদ্ধ তোমাৰ,
 পতিত-পাৱন নাম।
আমি পতিতৰ, ভৱ বন্ধ চুড়ি,
 পুৰিয়ো মনৰ কাম॥
ইটো যিবা মই,  ৰচিলোঁ পয়াৰ,
 পৰম গহন অতি।
ইহাৰ অৰ্থক,  কিমতে বুঝিবোঁ,
 আমাৰ বালক মতি॥
তথাপিতো আক,  হ্ৰস্ব দীৰ্ঘ ছন্দে,
 কৰিলেহোঁ নিবন্ধন।
মই মহা মূঢ়, ইটো কথা গূঢ়,
 দোষ ক্ষমা বুধজন॥
শ্ৰীমন্ত শঙ্কৰ, আপুনি ঈশ্বৰ,
 নৰৰূপে জাত ভৈলা।
তাহাঙ্ক নসহি, ব্ৰাহ্মণ সকলে,
 ৰাজা আগে খল দিলা॥

৩৫