পৃষ্ঠা:কুলাচল বধ.djvu/৪০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০১
কুলাচল-বধ।

মথুৰাৰ প্ৰজাক নিলন্ত যোগবলে।
দিলা মহসম্পত্তিক দেবতা সকলে॥
স্বৰ্গৰ ভূষণ আনিলন্ত পাৰিজাত।
নৰকা সুৰক প্ৰভু কৰিলা নিপাত॥
ষোড়শ হাজাৰ কন্যা পৰমা সুন্দৰী।
একে সময়ত বিহাইলন্ত দেবহৰি॥
প্ৰথমতে কৃষ্ণে মহাৰাজাগণ জিনি।
ভীস্মকৰ ঝীৱ হৰি আনিলা রুক্মিনী॥
ষোড়শ হাজাৰ গৃহ কৰি দ্বাৰকাত।
ঘৰে ঘৰে একরূপে থাকন্ত তথাত॥
কতেক কহিবো তান চৰিত্ৰ মহিমা।
চাৰিমুখে ব্ৰহ্মা কহি নপাৱয় সীমা॥
এহি কহি ৰাজাৰ লোতক বহি যাই।
কৰ্ণ নৃপতিয়ো প্ৰেমে আছিলন্ত চাই॥
মনত বোলন্ত কিনো ভাগ্যে আসম্বাৰ।
পূৰ্ণব্ৰহ্ম নাৰায়ণ মিত্ৰ ভৈল বাৰ॥
ধ্যানতো নপাৱে মহা যোনিগণে বাক।
হেনয় হৰিক সদা পাৱে দেখিবাক॥
এহিমনে গুণি বোলে কহিয়োক আৰ।
শুনি পাণ্ডু পুত্ৰে কথা কহিলন্ত সাৰ॥