পৃষ্ঠা:কুলাচল বধ.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কুলাচল বধ৷

কোনবা অসুৰে আসি আছে মায়া কৰি৷
দানৱ ৰাক্ষস গণ সবে মোৰ বৈৰী॥
যুদ্ধবলে ইহাক নপাৰো জিনিবাক।
যোগবলে ইহাক পাৰিবোঁ মাৰিবাক।৷
মুখ অগনিৰে দহি মাৰিবোহোঁ আক।
এহি গুণি এৰিলন্ত বিড়াল মায়াক॥
মহা যোগমূৰ্ত্তি পাছে অগস্তি ধৰিল।
বহ্নিময় জটা শিৰে ভ্ৰূকুটি কৰিল॥
চৰাচৰ ফোট অতি ধৌত দন্তচয়।
কটীত কপীন যেন অগনি জ্বলয়॥
শুক্ল লোমপান্তি উপৰক আছে বলি।
হাতৰ পাৱৰ নখ আছে ফুলি ফুলি।৷
প্ৰতি লোমগাছে যেন অগনি উঠয়।
চৈধ্যয় ভূবন যেন দহিবে পাৰয়।
মেষৰূপ ৰাজাৰ কুমাৰে চাহি আছে।
মহাভয় পায়া সিটো গুণিলেক পাছে॥
কিনো ইটো ব্ৰহ্মময় মুক্তি ভয়ঙ্কৰ।
নাশ কৰিবাক পাৰে লোক নিৰন্তৰ।৷
আরু ক্ষণিকতে মোক মাৰিলেকহন্তে।
পাত্ৰগণে হাক মোক দিলন্ত আসন্তে।৷