পৃষ্ঠা:কুলাচল বধ.djvu/৩৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
কুলাচল-বধ।

কতোদূৰে দেখিল নাৰীযুথ স্থান।
সুন্দৰী পদ্মিনী অপসৰা বহুমান॥
ষোলবছৰীয়া সবে ভূষণে ভূষিত।
একৈকৰ ৰূপে পাৰে জগত মোহিত॥
সবে সুলক্ষণী রূপেগুণ বিদ্যাধৰী৷
স্বৰ্গত থাকয় বাসবক সেবাকৰি।৷
কিষ্ণুৰ আদেশে দিয়ে মনুষ্য ৰাজাক।
তিনি সহস্ৰেক মহা অপসৰাঝাক।৷
সেহিবেলা ভ্ৰাতৃসমে যুধিষ্ঠিৰ ৰায়।
তথাত ৰহিলা আনন্দৰ সীমা নাই॥
বিমানৰপৰা ছয়োজন নামিলন্ত।
দ্ৰৌপদীক অপসৰা মাজত থৈলন্ত॥
তিনি সহস্ৰেক অপসৰা বৰনাৰী।
দ্ৰৌপদীৰ রূপ কেৱে যুৰিতে নাপাৰি॥
দেখি সুৰনৰ সবে ভৈলেক বিস্ময়।
হেনতো সুন্দৰী দেখিশুনি নাহিকয়॥
ধৰ্ম্ম পক্ষিগণে বোলে জৈমিনি মহন্ত।
দ্ৰৌপদীৰ ৰূপে সবে মোহিত ভৈলন্ত॥
কৰ্ণদত্ত ৰাজা চক্ষুদৃষ্টি কৰি চাহিলা।
যুধিষ্ঠিৰ ৰাজাক অসুৰে ভেট পাইলা॥