পৃষ্ঠা:কুলাচল বধ.djvu/৩৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮১
কুলাচল-বধ।

বিদ্যাধৰপতি বোলে শুনিয়ো বচন।
আসি আছে তাসম্বাৰো যিমান এখান॥
দ্ৰৌপদী সহিতে ৰাজা সালস্কৃত ভাৱে।
দেবৰ যিমান খান নমি সেহিঠায়ে॥
ৰাম কৃষ্ণ হৰি বিষ্ণু বিষ্ণু উচ্ছৰিল।
আপোনাক তুচ্ছমানি তাহাত চড়িল॥
কৈৰ মই মানুষীয় জাতি বনবাসী।
দেবৰ বিমানে পাইলোঁ উঠিবাক আসি॥
ক্ষুধা তৃষা জৰা ব্যাধি শোক মোহ ভয়।
যাহাত চড়িলে কিছু পীড়া নাহিকয়॥
চলিলা বিমানখান আকাশ গমনে।
যথাত আছন্ত চাৰিপাণ্ডব শয়নে॥
অশ্বিনী কুমাৰে মহাঔষধি কৰিল।
তেবে চাৰি বীৰ উঠি জাগিয়া বসিল॥
একাদশ দিন শুতি আছে সেইঠাই।
নিৰুজ শৰীৰ যাৰ বিষ কিছু নাই॥
বীৰ শয়নত শুতি ভূপিতি ভৈলেক।
চন্দ্ৰে আসি পৰম অমৃত ভুঞ্জাইলেক॥
অসম্ভৱে মহাৰাজা যুধিষ্ঠিৰ সন্ত।
দূৰহন্তে চাৰিবো বীৰক দেখিলন্ত॥