এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৭
কুলাচল-বধ।
নৈৰাশ বচন শুনি বিদ্যাধৰ ৰাই।
অৱনত ভাবে পুনু মাতিলা দুনাই॥
শুনিয়োক নৰদেব বোলোঁ আৰবাৰ।
দেখিবাহা চাৰিভাই তহিতে তোমাৰ॥
দেবৰ আজ্ঞাক ভঙ্গ কৰিবে নালাগে।
আজ্ঞা ভঙ্গে দোষ যেন জানা মহাভাগে॥
ৰাজ আজ্ঞা গুরুৰ বচন সাৰতৰ।
দেবতাৰ আজ্ঞাক লঙ্ঘয় যিটো নৰ॥
ইহপৰকালে তাৰ নাহিক তৰণ।
সকল শাস্ত্ৰক তুমি জানা বিচক্ষণ॥
হেন শুনি নৰনাথে দিলন্ত উত্তৰ।
শুনিয়োক আমাৰ বচন দেৱবৰ॥
অসংখ্যাত ধৰ্ম্ম কৰ্ম্ম কৰি যজ্ঞব্ৰত।
তেবে চাড়িবাক পাৰে দেব বিমানত॥
আমি কাম ক্ৰোধ লোভে আবৃত হৃদয়।
জানি বিমানত চড়িবাক যোগ্য নয়॥
আরু এক কথা কহোঁ শুনা দেববৰ।
আসিল অসুৰ বেশ ধৰি ব্ৰাহ্মণৰ॥
মায়াৰূপে যুদ্ধ কৰিলেক অন্ন খাই।
পাছে বৃকোদৰে তাক মাৰিল কোবাই॥