পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৭
কুলাচল-বধ।

মহন্তক নিন্দাকৰি বোলয় বচন।
ভক্তকো হেলয় কতো কবে কদৰ্থন॥
ইহলোকে তাৰ জিহ্বা খসিয়া গলয়।
পৰলোকে মহাঘোৰ নৰকে পচয়॥
হৰিৰ দ্ৰোহতো বৈষ্ণবৰ দ্ৰোহ টান৷
দুই হান্তো কৰিয়া ভক্ত-নিন্দাসে প্ৰধান॥
দেখিয়ো প্ৰমাণ কৰ্ণ ৰাজাৰ সাক্ষাত।
বৈষ্ণব হেলাত বাক্য নাসয় জিহ্বাত॥
পৰম ঈশ্বৰে কৃপা কৰিছা প্ৰত্যেক।
অগস্তিৰ সন্তোষত বাক্য লভিলেক॥
হেন জানা মহন্তক নিন্দে যিটোজন।
তাক কেন মতে জানে কৰিবে ৰক্ষণ॥
কহিলোঁ তোমাত হংস নাৰায়ণ বাণী।
সকলে শান্ত্ৰত আক চাহিয়ো প্ৰমাণি॥
কহিলোঁ তোমাত ইটো কথা মহামতি।
পাছৰ কথাক আবে শুনিয়ো সম্প্ৰতি॥
শুনা সাভাসদ সব যুগুতি বচন।
বৈষ্ণব ভক্তক নেহেলিবা একোজন॥
ভকত দ্ৰোহিৰ নাহি কৈতো আৰ গতি।
ইহ পৰলোকে মোৰ নৰকত স্থিতি৷।