পৃষ্ঠা:কুলাচল বধ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কুলাচল বধ৷

বদতি গালৱ পাছে দেখিলা তথাত।
ছাগল গোটেকে খাই নৈবেদ্য সাক্ষাত॥
দধি দুগ্ধ ঘৃত লাড়ু বহুবিধ অন্ন।
কলসে কলসে ঘৃত খাইলেক দুৰ্জ্জন॥
মহিষ সমান ছাগ গোট ভয়ঙ্কৰ।
মেকুৰিয়ো তাৰ গৈয়া চাপিলা ওচৰ।॥
তাহাঙ্ক দেখিয়া পাছে সঙ্কুচিত মন।
থাপদিয়া ডাৰিত ধৰিলা তেতিক্ষণ॥
ছাগল বৃহত ছোট ভৈলেক মাৰ্জ্জাৰ।
খুঞ্চি দূৰে পেলাইলেক ছাগল দুৰ্ব্বাৰ॥
যজ্ঞ মণ্ডপৰ বাজে উফৰি পড়িলা।
মাওঁ মাওঁ কৰি পাছে আটাসেক দিলা॥
শুনি মুনি সনন্তৰ চমক লাগিল।
বোলে যজ্ঞ বিধ্বংসিবে অসুৰ আসিল॥
এহি মতে মুনিগণ এক থান ভৈলা।
তাহাৰ আৰাৱ শুনি চাহিবাক গৈলা॥
বিড়ালক মেষে কোপে মাৰিবাক মনে।
বিদ্যুত সঞ্চাৰে খেদি গৈলা তেতিক্ষণে॥
ব্যাঘ্ৰে যেন চাম্প কৰি শৃঙ্গত তুলিল।
বিশাল দুই শিঙ্গে খঙ্গে খোঞ্চ এক দিল॥