পৃষ্ঠা:কুলাচল বধ.djvu/৩৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৯
কুলাচল-বধ।


তিনিখান মুখে বেগে অগনি বহয়।
কুলাচল দানবৰ ভৈল মহাভয়॥
হত ভৈল শ্ৰুতিবুদ্ধি চক্ষু জপাইলেক।
আটাসেক দিয়া শূল এড়িয়া দিলেক॥
ৰথৰ দন্তাল সবে চিহৰণি দিয়া।
নিচলে ৰহিল সবে থাকিল পড়িয়া॥
দানব পদাতিমানে মূচ্ছাগত ভৈলা।
একখান মুখ তেবে পাতালক গৈলা॥
আৰখান মুখে মহীখন গিলিবাক।
কৰিলা আক্ৰান্ত সবে প্ৰজাক খাইবাক॥
দিগজ সকলে সবে এড়ি মূত্ৰ মল।
জানুপাড়ি হুসকিয়া যাই ৰসাতল॥
নাগ লোক তৰসি লাগিল জোটা জোট।
অনন্তৰো ফণাত লাগিল মহাছোট॥
খলকি সাগৰ খনে কৰে টলবল।
স্বৰ্গ লোক চিটিকিয়া যেন যাই তল॥
ব্ৰহ্ম ভূবনতো লগিলেক খলমলি।
বৰিষণা লাগিয়া কৈল্যাশো গৈল টলি।
চৈধভূবনত মহাপ্ৰলয় মিলয়।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত সিদ্ধ মুনিচয়॥