পৃষ্ঠা:কুলাচল বধ.djvu/৩২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৭
কুলাচল-বধ।


প্ৰলয় অগনি যেন আভাস তাহাৰ।
চাম্প দিয়া আঝুৰি আনিলা দুৰাচাৰ॥
ষাঠিহাতে গাৱমুখ চাচাৰি হাতৰ।
তিনি তিনি মুখে জিহ্বা দেখিলাগে ডৰ॥
কতবা যুগত সিটো হৰত আছিল।
তাত বশ্য হুয়া হৰে সেহি শূল দিল॥
যেতিক্ষণে শূল গোট হাতত ধৰিল।
সিদ্ধ বিদ্যাধৰ সবে পালাইবে লাগিল॥
প্ৰলয় কৰিতে শূল মহেশক দিল।
মহাপ্ৰলয়ত তাক বাৰেক ধৰিল॥
ৰস্মিহীন ভৈল অতি দেব দিবাক।
কৈতবা লুকাইল গ্ৰহতাৰা নিৰন্তৰ॥
আকাশত গরুড় দেখিয়া ভয় মন।
সহাত্ৰাসে থিৰ ভৈলা বৈনতানন্দন॥
বাঢ়ে শূল মহা-মেরু মন্দৰ প্ৰমান।
দানবো ন জানে তাৰ মহিমা প্ৰধান॥
পুৰ্ব্বত শঙ্কৰ ৰণে তাহাক সাজিল।
জিহ্বায়ে জিহ্বায়ে তাক কালকূট দিল॥
আসুৰি পূজাত মহেশক টুষ্ট কৈলা।
খাইবে পাই তাক হৰে সেদ্ধ শূল দিলা॥