পৃষ্ঠা:কুলাচল বধ.djvu/৩২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৪
কুলাচল-বধ।


আকাশে উধাই কৃত্যানল জ্বলি যাই।
পোড়ে পক্ষিৰাজ সৰ্ব্বলোকে আছে চাই॥
হেন দেখি দেবহৰি চক্ৰ প্ৰহাৰিল।
কৃত্যশৰ ছেদিতাৰ অগ্নি নিবাৰিল॥
ছোটপায়া পক্ষিৰাজ ক্ৰোধত জ্বলিলা।
এক ঝাম্প দিয়া তাৰ ৰথত চড়িলা॥
দুয়ো পাখি উচাই বেগে কোব এক দিল।
তাহান প্ৰহাৰে সিটো কিছু নকম্পিল॥
দেখি পক্ষিৰাজে ঠোটে শৃঙ্গত হানিল।
প্ৰচণ্ড ঘাৱত এক ডোখৰ ভাগিল॥
দেখিল দানবে শৃঙ্গ ডোখৰ ছিগিল।
দশহাত মানে খসি ভূমিত পড়িল॥
দাৰুন ক্ৰোধত সিটো শূল লৈলা তুলি।
মাৰো পক্ষিৰাজ আজি পাঞ্জৰক ফুলি।
মাধবে দেখন্ত পক্ষিৰাজৰ মৰণ।
ত্ৰিশূলে খুঞ্চিয়া আক মাৰে এতিক্ষন॥
হেন চিন্তি ধনু ধৰি প্ৰহাৰিলা শৰ।
নৰায়ণ শৰে শূল কাতিলা হাতৰ॥
দেখিয়া দানবে গদা ধৰি ঘোজা দিল।
চাম্প কৰি পক্ষিৰাজে গদাত ধৰিল॥