পৃষ্ঠা:কুলাচল বধ.djvu/৩১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৮
কুলাচল-বধ।

মহা শঙ্খনাদে স্বৰ্গমণ্ডল পূৰিল।
দেখিয়া হৰিৰ সেনা ঝিঙ্কৰি উঠিল॥
দানবক এহাৰয় দিব্য শৰচয়।
তাসম্বাৰ শবে তাৰ গাৱ নোচোৱয়॥
দেখিয়া দানৱৱ গোটে হানি দিব্য শৰ।
পাৰিষদ সেনাক ভেদিলা নিৰন্তৰ॥
দানৱৰ বীৰগণ আগ বাঢ়িলেক।
ত্ৰিশূল পাৰিঘ গদা হানিল অনেক॥
সহিবে নপাৰি মহা দারুণ সন্ধান।
গরুড়ৰ আঁৰ হুয়া হিল তেখন॥
সেহিবেলা ভগবন্তে গুণন্ত মনত৷
খান্তিৰ বাহিৰ আক কৰাহোঁ কিমত॥
তাৰ নবজাইলে ইতো নমৰে দানৰ।
ময় বিনে আনে কোনে সহে পৰাভৰ॥
পাৰিষদগণ সবে লালকাল ভৈল
দানগণৰ মহাবল বাঢ়ি গৈল॥
তিনি প্ৰহৰেক বাট পাছত আছয়।
পাছ গুচি হুসকিয়া যাইবাক লাগয়॥
এহি মনে আলোচ কৰিয়া নাৰায়ণ।
খেতি গৈয়া দানবৰ জাগে উপলন॥