পৃষ্ঠা:কুলাচল বধ.djvu/৩১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৭
কুলাচল-বধ।

হেন মহা জগত মোহন রূপ দেখি।
আনন্দতে কুলাচলে নভাষয় আখি॥
বথহন্তে ঝাম্প দিবে হেন কৰে মন।
পুনু হেন কৰি তেহে গুণয় তেখন॥
ময় যদি শৰণ পশওঁ কেশবত।
শৰণাগতক মোক মাৰিবে কিমত॥
নবধিলে মোৰ ইতো কুচ্ছিত কুবেশ।
প্ৰজাসমে ঋষি শাপে পায়া আছোঁ ক্লেশ॥
মোহোৰ মুকুতে সবে প্ৰজাৰ মুকুত।
এতেকেসে আমি যুদ্ধ কৰিবে যুগুত॥
এহিমতে মনে গুণি কৰিলা নিশ্চয়।
জীবনত কৰি মোৰ মৃত্যু শ্ৰেষ্ঠ হয়॥
মনে বোলে শীঘ্ৰে মাৰন্তোক দেবহৰি।
দিব্য ৰখে চড়ি যাওঁ বৈকুণ্ঠ নগৰি॥
এহি বুলি মহা ধনুখান টঙ্কাৰিল।
যেন বজ্ৰপাত মহা ভূমিত পড়িল॥
মহাভয়ে তৰসিল বিষ্ণুসেনাগণ।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত সিদ্ধ মুনিগণ॥
কৰে জয় হৰি ৰোল দুন্দুভি বজাই।
পঞ্চজন্য শঙ্খ কুঙ্কিলন্ত খদুৰাই॥