পৃষ্ঠা:কুলাচল বধ.djvu/৩১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৬
কুলাচল-বধ।

নৱচন্দ্ৰ রুচি জ্বলে কপোলে তিলক।
ভঙ্গি ধৰি প্ৰকাশয় ফুৰ্টিল অলক॥
রুচিকৰ কৰ্ণে শোভে মকৰ কুণ্ডল।
তাৰ ৰস্মি উজলি পাণ্ডু গণ্ডস্থল॥
শৰত চন্দ্ৰক জিনি বদন প্ৰকাশে।
উন্নত নাসিকা তিল ফুলক বিকাশে॥
ৰাতুল অধৰ দন্তে মুকুতা নিন্দয়।
তাতে স্মিত হাসি যেন মদন মোহয়॥
কম্বকণ্ঠে কৌস্তভ অদিত্য নব নিন্দে।
ঐবৎস পঙ্কতি হাৰ বনমালা বৃন্দে॥
চাৰিখান ভুজ তাতে বলয়া কঙ্কণ।
শঙ্খ-চক্ৰ-গদা-পদ্ম ধৰিছা শোভন॥
কটীধটি পীতভূনি মেখলা ৰত্নৰ।
সুন্দৰ উদৰ উরু যেন কৰিকৰ॥
গরুড়ুৰ স্কন্ধে পদ্মাসনে বসিচয়।
দুখানি চৰণ তাতে নুপুৰ ৰঞ্জন॥
নীল আঙ্গুলিত নখচত্ৰ বিৰাজয়।
ৰঙ্গা পদতলে পঞ্চচিহ্ন মনোময়॥
দুই হাতে সাৱটি ধৰিচা পক্ষিৰাজে।
একেবাৰে যেন কোটি আদিত্য বিবাজে॥