পৃষ্ঠা:কুলাচল বধ.djvu/৩১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৯
কুলাচল-বধ।


আন কাম এড়ি  সদায়ে ঘূষিয়ো
 হৰি চৰিত্ৰ গণ॥
নমো নাৰায়ণ  বিঘিনি খণ্ডন
 ভকতৰ প্ৰিয়দেব।
সহস্ৰ আনা  ব্ৰহ্মা ত্ৰিনয়ন,
 সদা কৰে যাক সেৱ॥
হেন সনাতন   নন্দ ঘৰে যাই
 ধেনু চাৰি ভাত খাই।
ভকত বৎসল  কৃপালো দেবতা
 তান্ত বিনে আন নাই॥
তাহান দুখানি   অরুণ পদ্মঁৰ
 মকৰন্দ মধুকৰ।
সদা এক চিত্তে   চুম্বিয়া ৰহোক
 মোহোৰ মন ভ্ৰমৰ॥
ভকতৰ সঙ্গ   সদা নছাড়োক
 মুখে ৰৌক হৰি নাম।
এহি অনুগ্ৰহ  কৰা নাৰায়ণ
 নোখোঝোহোঁ আন কাম॥
ভাৰত ভূষণে  কৰি স্তুতি নতি
 কৃষ্ণৰ দুই চৰণে।