পৃষ্ঠা:কুলাচল বধ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কুলাচল-বধ৷

হেন জানি তুমি আবে ৰোপ পৰি হৰা।
বৈষ্ণৱক দ্ৰোহ কৰি মিছাত নমৰা॥
চাৰিগোটা পাত্ৰ আমি মন্ত্ৰী দুই জন।
অৰ্ব্বুদেক লোক সমে কৈলোঁ আগমন॥
তযু পিতৃ আমাদেৰ বাক্য নেঠেলয়।
তুমি কেনে হোৱা হেন দাম্ভিক হৃদয়॥
গালৱ বদতি তাৰ মৃত্যু সন্নিহিত।
মিঠা বচনকো পাপী মানিলেক তিত॥
মৰণ কালত সিটো ৰটয় বিবুদ্ধি।
ভাল নমানয় সিটো বচন ঔষধি॥
হেন বাক্য সব যেবে মন্ত্ৰীৰ শুনিল।
ঘৃত পাই বহ্নি যেন দুগুণে জ্বলিল॥
হাউৰে পাপিষ্ঠ নষ্ট দুষ্ট কুলাঙ্গাৰ।
এতমান মোক কেনে কৰ তিৰস্কাৰ॥
বনবাসী ঋষিৰ যশক বখানস।
বৃদ্ধহুয়া আমাৰ বাক্যক নৰাখস॥
তোক কাটি এখনে কৰিবো খণ্ড খণ্ড।
গুছৰে দুৰ্জ্জন যাৱে নোহ ৰণ্ড ভণ্ড॥
তাৰ ক্ৰোধ দেখি আরু পাত্ৰ চাৰিজন।
মন্ত্ৰী সমে ছয়োজনে বুলিলা বচন॥