পৃষ্ঠা:কুলাচল বধ.djvu/৩০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
কুলাচল-বধ।

হেন শুনি তাৰ পুত্ৰে বোলয় বচন।
কদাপি অন্যথা নকৰন্ত নাৰায়ণ॥
বৈকুণ্ঠ নায়ক হৰি সবাহাতে সম।
ভকতিসে পুনু তাঙ্ক কৰয় বিষম॥
ভকতৰ কাযে হৰি হোৱন্ত আকুল।
ভকতেওঁ নেড়ে সদা তান পদ মূল॥
ভকতৰ মিত্ৰে তান সুহৃদ হোৱয়।
ভকতৰ শত্ৰুক মাৰন্ত কৃপাময়॥
এতেকে তোমাক হৰি কৰিবে মাৰণ।
সবে মিলি লওঁ যাই কৃষ্ণত শৰণ॥
তেবেসে আমৰাৰ আরু কাকো নাহি ভয়৷
আন থাকন্তোক যমো সঙ্কোচ হোৱয়॥
হে পিতৃ কৰিয়োক আমাৰ বচন।
শুনি হেন কুলাচলে মাতে সেহিক্ষণ॥
পুৰ্ব্বে হাক দিয়া আছোঁ ইকথা কহিত।
মোহোৰ বচন কেনে নৰাখা অহিত॥
পালটি কৰাহা দুয়ো গৃহক গমন।
নকৰিবা বাধা বাপ মোহোৰ বচন॥
শুনি কুলাচল পুত্ৰে কান্দি প্ৰণামিলা।
ঈশ্বৰৰ ইচ্ছা মানি গৃহক চলিলা॥