পৃষ্ঠা:কুলাচল বধ.djvu/৩০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
কুলাচল-বধ।

হয় হস্তী মানে সবে চলিল অপাৰ।
মহিষৰ ৰখে চড়ি দিলে মহাধাৰ॥
তাৰ আগে বিমঙ্গল মিলিল অপাৰ।
পুত্ৰ দুইক পালটায়া পঠাই দিলা আৰ॥
বোলে বাপ তোৰা দুই চলি যাহাঘৰ।
হতশেষ প্ৰজাগণ পালা নিৰন্তৰ॥
মিলিলেক মোৰ হেৰা মৰণৰ ঘাট।
দেখা অমঙ্গল মোৰ মনৰ বিচাট॥
সাম্প্ৰতে দেখহ বাপ কেনে কুলক্ষণ।
আমাক যুঝয় আসি পাৰিষদগণ॥
বৈকুণ্ঠৰ পতি তেহে লোকৰ বাহিৰ।
ধৰণী লোকৰ কেনে কাৰণ হৰিৰ॥
সবাৰে বাহিৰ তেহে সত্য সনাতন।
আমাক যুঝয় আসি কিসৰ কাৰণ॥
নোহে তিৰী খন সীমা বৈৰী মাধবৰ।
অনাদোষে মোৰ সেনা মাৰে দামোদৰ॥
আপুনি ঈশ্বৰ হুয়া অকাৰ্য্য কৰয়।
জগতৰ পিতৃ হুয়া প্ৰজাক মাৰয়॥
মহন্তৰ অন্যায়ক কোনে দিবে হাক।
যেনে তেনে মতে হৰি মাৰিয়ে আমাক॥

( ২৬ )