পৃষ্ঠা:কুলাচল বধ.djvu/২৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯২
কুলাচল-বধ।

শুনা মুনিবৰ পাছ কথা নিৰন্তৰ।
সেহি বেলা আসিলন্ত যতেক অমৰ॥
ব্ৰহ্ম ইন্দ্ৰ চন্দ্ৰ ৰবি অষ্ট বসুগণ।
সিদ্ধ সাধ্য বিদ্যাধৰ গন্ধৰ্ব্ব চাৰণ॥
হংস যান ঐৰাবত বিমানে ঢাকিল।
বিষ্ণুৰ আগত বহি বিৰিঞ্চি বুলিল॥
নমো নাৰায়ণ নিৰঞ্জন পূৰ্ণকাম।
তুমি সবাহাৰে হৃদিগত আত্মা ৰাম॥
যোগী সমস্তৰো তুমি পৰম দুৰ্ল্লভ।
মহা ভকতৰ মাত্ৰ পৰম সুলভ॥
অনন্ত অচ্যুত সনাতন অজ হৰি।
লীলায়ে ধৰাহা বহুৰূপ চদ্ম কৰি॥
স্বপ্নতো নপাৱে লাগ জ্ঞানী কৰ্ম্মী যাক
দুৰন্ত শকতি প্ৰভু প্ৰণামোঁ তোমাক
তযু লীলা যশস্যাৰ নাহিকয় সীমা।
কোনে কহিবাক পাৰে তোমাৰ মহিমা
অনন্ত শকতি তযু নাহি পূৰ্ব্বাপৰ।
তুমি সি ব্যাপক বিভু নিত্য মহেশ্বৰ॥
তুমি জগতৰ বাক্য মন অগোচৰ
সকল প্ৰকাৰে তুমি বশ্য ভকতৰ॥