পৃষ্ঠা:কুলাচল বধ.djvu/২৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
কুলাচল-বধ


এতেকেসে বোলো বাপ নকৰিবা ৰণ।
তুমি আমি পশোঁ যাই হৰিত শৰণ॥
অবশেষ প্ৰজাৰ যে জীবন ৰহোক।
স্ত্ৰী বাল্য বৃদ্ধ সব কুশলে থাকোক॥
ভকত বৎসল হৰি কৃপালু ঈশ্বৰ।
শৰণাগতক ৰক্ষা কৰে দামোদৰ॥
এতেকে আমাৰ দোষ ক্ষমিবন্ত হৰি।
ভৃত্য বুলি আমাক পালিব যত্ন কৰি॥
আরু কথা কহো বাপ শুনা কৰি মন।
কালি নিশা এক মই দেখিলো সপোন॥
আমাঠেৰ প্ৰজাগণ আছে মানে যত।
মজিয়া ৰহিছোঁ আমি আকণ্ঠ জলত॥
দিব্য বিমানত তুমি দিব্য ৰূপ ধৰি।
মহা আকাশৰ পথে গৈলা বেগ কৰি॥
ইহাৰ প্ৰমাণ পিতৃ নুহিকয় ভাল।
বিষ্ণুৰ আশ্ৰয় আমি কৰওঁ সকাল॥
পক্ষিগণে বোলে মুনি লৈয়োক প্ৰমাণ।
কুলাচল পুত্ৰৰ ভকতি যেন ঠান॥
মহা মহন্তৰ বাণী বোলয় পিতৃক।
ঔষধি লাগয় জানা মৰন্তাক কিক॥