পৃষ্ঠা:কুলাচল বধ.djvu/২৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
কুলাচল-বধ।


ধৰ ধৰ বুলি পাৰিষদে ডাক দিলা।
দুৰাচাৰ কুলাচল নগৰ পশিলা॥
পাৰিষদ সেনাগণ পালটিল জানি।
হেন দেখি নাৰায়ণে বুলিলেক বাণী॥
বদতি কেশব শুনা পাৰিষদ গণ।
দানব গোটৰ কেনে নভৈল মৰণ॥
মহা ভয়ানক ভাৰ ৰহিল ভূমিৰ।
ঋষি বাক্যে বাঢ়ি আছে দারুণ শৰীৰ॥
ইহাক মাৰিলে তেবে গুছয় জঞ্জাল।
কেন মতে বিচাৰিবা ঘোৰ নিশাকাল॥
জিৰায়া ৰহিয়ো চন্দ্ৰ হুয়োক প্ৰসন্ন।
পাছে নগৰক সবে কৰিয়ো গমন॥
পক্ষিগণে বোলে দেখা জৈমিনি মহন্ত।
ভকতৰ বৎসল কেনে দেব ভগৱন্ত॥
ভকতৰ বৈৰীসে তাহান বৈৰী হয়।
সবাহাতে সম হৰি বিষম হোৱয়॥
কোন বস্তু অগস্তিৰ বাক্য তান আগে।
অনন্ত ব্ৰক্ষাণ্ড যাৰ কটাক্ষতে ভাগে॥
তথাপিতো ভকতৰ বচন নেড়ন্ত।
কুলাচল দানবক শীঘ্ৰ নবধন্ত॥