পৃষ্ঠা:কুলাচল বধ.djvu/২৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮১
কুলাচল-বধ।


পৰ্ব্বত সমান দেহা জ্বলে কৃষ্ণবৰ্ণ।
আকাস লঙ্ঘিলা দুই শৃঙ্গ দুই কৰ্ণ॥
আড়ম্বৰে চলে মহী মণ্ডল লড়য়।
আকাশত দেবগণে মানিছে বিস্ময়॥
মনে বোলে মোক মুনি বৰ দিলে ভাল।
ইহাৰ ভিতৰে মোৰ নহৈবেক কাল॥
এহি বুলি হাত ভৰি কৰি চলি যাই।
পাৰিষদ সবে ধনু ধৰি গৈলা ধাই॥
প্ৰহাৰিলা শৰ সব হাজাৰে হাজাৰ।
দানবৰ গাৱ যেন ফুলিল মন্দাৰ॥
তাহাক নগণি সেনামাজত পশিল।
তীক্ষ্ণ শৃঙ্গে পাৰিষদ গণক হানিল॥
পাছ গুচি চলে কতো আগক অন্তৰে।
গৰুড়ৰ চৰি চাহি আছা দামোদৰে॥
দানবৰ ভাৱ দেখি হাসন্ত মুৰাৰি।
হেন বেশ ঋষিয়েনো দিলা কেন কৰি॥
হৰিৰ সৈণ্যক গণাগণ নকৰয়।
ধৰিলা সাৰঙ্গ ধনু দেব কৃপাময়॥
দিব্য শৰ সৰ হৰি হনিলা অপাৰ।
সহিবে নপাৰি লড় দিলা দুৰাচাৰ॥