পৃষ্ঠা:কুলাচল বধ.djvu/২৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮০
কুলাচল-বধ।


পড়িল দানব লড়িগৈল মহীখণ্ড।
দানবৰ সৈন্যগণ ভৈল ৰণ্ডভণ্ড॥
সিবেলাত দুই ঘটি আছে দিবাকৰ।
মাধবৰ পাৰিষদ বেঢ়িলা সত্বৰ॥
দেব সিন্ধ বিদ্যাধৰ অষ্ট বসুগণ।
কৃষ্ণৰ শিৰত কৰে পুষ্প বৰিষণ॥
জয় জয় কৰে সবে ঢাকিয়া গগণ।
মৰি গৈল কুলাচল ভৈল ৰঙ্গ মন॥
পক্ষিগণে বোলন্ত জৈমিনি শুনা পাছে
গধুলিকা বেলা ভৈল সবে চাহি আছে॥
অনন্তৰে কুলাচল কৰ্ণৰ তনয়।
অগস্তিৰ বৰ দানে হুয়াছে বিজয়॥
ঈশ্বৰেও ভকতৰ নলঙ্ঘে বচন।
সকলোৰে ক্ষয় কৰ্ত্তা দেব সনাতন॥
তাহাক অপেক্ষা কৰি বহিয়া আছয়।
সেহি বেলা কৰ্সুণত উঠিলন্ত ভয়॥
নিজ শিৰগোট কতো দূৰত আছিল।
অণুক্ৰমে তাত গৈয়া জীব সঞ্চৰিল॥
অতৰ্কিত ভাৱে তাৰ গাণ্ডিত লাগিল।
নিদ্ৰাৰ জাগিয়া যেন দানব উঠিল॥