পৃষ্ঠা:কুলাচল বধ.djvu/২৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৭
কুলাচল-বধ।


তথাপি দানুণ নগৈল যমক।
অল্পমান মাত্ৰ তাৰ লাগিল চমক॥
হেন দেখি মনত বোলন্ত নাৰায়ণ।
কিনো মহাবীৰ যে দাৰুণ অকম্পন॥
চৈধয় ভুবনে আৰ নাহি সৰিবৰি।
আন বীৰে আক বধিবেক কেন কৰি।
এহিমতে হৰি নানা বিমৰিষ কৈলা।
তাহাৰ মৰণ হেতু বিচাৰি নপাইলা॥
ইহাত সংশয় নকৰিবা মুনিবৰ। .
কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক ঈশ্বৰ॥
যাৰ কটাক্ষতে হোৱে সৃষ্টি স্থিতি লয়।
সংহৰিবে তেন্তেকি তাহাক নপাৰয়।
কিন্তু লীলা চৰিত্ৰ বঢ়ান্ত আপোনাৰ।
ক্ষনিকতে তাৰ চিন্তিবাক পাৰে মাৰ॥
কিসক কৰিবে তাক বধ নাৰায়ণ।
সত্য কৰিবাক লাগে ভক্তৰ বচন॥
পৰম মহন্ত বাউল অগস্তি ভকত।
তাৰ বাক্য সফলন কৰিবে যিমত॥
এতেকেসে ভকত বৎসল নাৰায়ণ।
অল্পকো নেৰন্ত হৰি ভক্তৰ বচন॥

(২৪)