পৃষ্ঠা:কুলাচল বধ.djvu/২৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৬
কুলাচল-বধ।


নিৰন্তৰে মহাবেগে শৰ বৰিষিল।
ৰবিৰ কিৰণ ঢাকি আন্ধাৰ কৰিল॥
পাৰিষদগণে বোলে কিনো বিপৰ্য্যয়।
আমাৰ বাণে দানৱক নিবিন্ধয়॥
ৰশ্মি জাল ঢাকি বায়ু পথ নিৰোধিল।
দুই ভিতিৰ ঘোৰ শৰে আন্ধাৰ কৰিল॥
দানবৰ গাৱে সবে পখাময় ভৈল।
মহিষকো ভেদি সবে জ্বৰ জ্বৰ কৈল॥
সিবেলাত যেন ৰণ কহন নযাই
পাৰিষদগণে সবে মহা দুখপাই॥
হেন দেখি হৰি হাতে সাৰঙ্গ ধৰিল।
দেৱ দিয়া গরূড়ৰ কন্ধে আৰোহিল॥
ধনুত যুৰিল হৰি চাৰি গোটাবাণ।
এক শৰে হাততে কাটিল ধনুখান॥
আরু শৰে আকাশৰ মহাবাণ যত।
কাটিয়া প্ৰসন্ন দিশ কৰিল সমস্ত॥
আরু দুই শৰে তাৰ হৃদয় ভেদিল।
মহাজোটে তাৰ পিঠি পাছে সৰকিল॥
হল হল কৰি বেগে রুধিৰ বহয়।
যেন মেরু মন্দৰৰ গেরু নিৰ্জ্জৰয়॥