পৃষ্ঠা:কুলাচল বধ.djvu/২৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৫
কুলাচল-বধ।


মহা বেগে কুলাচল শিৰক ছেদিল।
আকাশ গমনে চক্ৰ তেখনে চলিল॥
কিৰিটি সহিতে মাথা ৰথত পড়িল।
দেৱ সবে জয় জয় বচন ঘুষিল॥
গাণ্ডি গোট ৰথত যে পড়িলেক ঢালি।
তাক কাটি পুনৰ্ব্বাৰ চক্ৰ আইল চলি॥
এহি মতে দণ্ড দুই মানে আছিলেক।
খল খল কৰি মুখে হাসিল প্ৰত্যেক॥
পুন ৰপি উঠি মুণ্ড কন্ধত লাগিল।
দেখি সৰ মুনিগণে বিস্ময় মানিল॥
কিনো ইটো আচৰিত কুলাচল বীৰ।
চক্ৰে কাটিলাতো তাৰ গজিলেক শিৰ॥
বথত উঠিয়া তাৰ শ্ৰীউজ্জ্বলিল
ঘৃত পায়া বহ্ণি হেন দুগুণে জ্বলিল॥
ধনু তুলি ধৰি তেবে মহা কোপ মনে।
মাধবক ভেদিলেক দিব্যশৰ গণে॥
হেন বেলা পাৰিষদ গণে চাহি আছে।
খেদি আসি তাক শৰ বৰষিলা পাছে॥
নিসন্ধি কৰিয়া তাক বৰষিলা বাণ।
তাসম্বাক দেখে কূপ কন্তক সমান॥