পৃষ্ঠা:কুলাচল বধ.djvu/২৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
কুলাচল-বধ।


তাৰ বাম বাহুত মাৰিল বড় টানে।
প্ৰয়াসিত কৰি পোত গৈল পুংস মানে॥
ধাৰা সাৰ তাৰ তেবে রুধিৰ বহয়।
যিটো শৰে চুইলে প্ৰাণ লোকৰ হৰয়॥
দানৱৰ গাৱত নিৰ্ব্বাসে বহি আছে।
দাহিন হাতেৰে শৰ টানিলেক পাছে॥
গাৱৰ সন্ধানে তাক উঘাৰি আনিল।
হল হল কৰি তাঁৰ ৰুধিৰ বহিল॥
শাল বৃক্ষ সম শৰ ব্ৰহ্ময়ে পুৰ্ব্বত।
প্ৰবন্ধে গঢ়াইল বিশ্বকৰ্ম্মাৰ হাতত॥
কঙ্ক পাখি চাহি আছে গান্থি সুবৰ্ণৰ।
আনে কেৱে পোৱা নাই সিটো মহাশৰ॥
সেহি বাণ বিষ্ণুক দিলন্ত ব্ৰহ্মা দেবে।
প্ৰচণ্ড দাৰুণ বাণ নাহি পাই কেৱে॥
হেনয় বাণক কুলাচলক হানিল।
ধনু থৈয়া সিটো তাক যুখিয়া চাহিল।
আঠাৰ হাতৰ দুই আঙ্গুল নাটিল।
বল দিয়া শৰ পাট মাজতে ভাঙ্গিল॥
সুৰাসুৰ লোক মানে ভৈলেক বিস্ময়।
সিদ্ধ সাধ্য বিদ্যাধৰে কৰৈ জয় জয়॥