পৃষ্ঠা:কুলাচল বধ.djvu/২৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
কুলাচল-বধ ৷

এহি বুলি দিব্য শৰ হানিল মুৰাৰি।
তাকো শৰ হানি বীৰে থৈলা ছেদ কৰি॥
মহা বলিয়াৰ বীৰ কৰি কোপ বৰ।
মাধৱক হানিলেক একাৰ্ণবে শৰ॥
গরুড়ক হানিলেক বিংশতি শতেক।
তাহাৰ শৰক অবহিতে সহিলেক॥
পাছে নাৰায়ণে কিছু কৰি কোপ মন
হানিল মুষল বাণ আতি অকম্পন॥
তাহাৰ গাৱত বিন্ধিলেক বড় ছোটে।
তাকো গণা গণ নকৰিল বীৰ গোটে॥
হেন দেখি চক্ৰপাণি নাৰায়ণ বাণ।
তাহাক লাগিয়া বেগে কৰিলা সন্ধান॥
দৈত্য ক্ষয়ঙ্কাৰী যিটো নাৰায়ণ বাণ।
তাহাৰ গাৱত পড়ি নকৰে সন্ধান॥
কুলাচলো ধনু টানি হানিল বহুত৷
পথা চাট মাৰি তাক বৈনতাৰ সুত॥
দূৰতে বিনাশ কৰি দানৱৰ শৰ।
কৃষ্ণৰ বাহন পক্ষী মহিমা বিস্তৰ॥
অনন্তৰে দেৱহৰি নাগ মুখ শৰ।
দানৱক হানিলেক কৰি খৰতৰ॥