পৃষ্ঠা:কুলাচল বধ.djvu/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৭
কুলাচল-বধ৷

পক্ষিগণে বোলে বাণী, শুনা মুনি মহামানি,
 পৰম পণ্ডিত কুলাচল।
যিটো বাক্যচয় সিটো, মাধৱক বুলিলেক,
 উপনিসৎ বেদ সুমঙ্গল॥
আনো নানা ভাৱ বাণী, বুলি মনে আনুমানি,
 মনে লৈলা বিষ্ণুত শৰণ।
আক্ৰান্ত কৰিয়া তেবে, প্ৰাৰ্থনা আচৰি কৰে,
 মাধৱ সহিতে ঘোৰ ৰণ॥
আপনাৰ কুশলক, চিন্তি কৰ্ণদত্ত সুতে
 চিন্তনাত শুদ্ধ বুদ্ধি ভৈলা।
কতো বেলি মোৰ জানো, মৰণ মিলয় বুলি,
 খানিতেক মনে গুণি ৰৈলা॥


দুলড়ি।

নমো নাৰায়ণ, পশিলো শৰণ,
 তোমাৰ পদ কমলে।
তোমাত ঘিনাই,  নাহি নাহি নাহি
 তাৰক আন কেবল॥
দুৰ্ল্লভ মনুষ্য,  শৰীৰক পাই,
 নভজিলোঁ তযু পাৱে৷