এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৬
কুলাচল-বধ ৷
ঈশ্বৰ পুরুষ তুমি, সবাহাতে সম ভাৱ,
শত্ৰু মিত্ৰ নাহিকে তোমাৰ।
আমি পৃথিবীত সদা, গৰ্ব্ব অহঙ্কাৰ ক্ৰোধী,
লোকৰ চিন্তোহে প্ৰতিকাৰ॥
শুনিয়োক নাৰায়ণ, মোক যদি কৰা ৰণ,
আছে যত মহত্ত অপাৰ।
হেন মত ভাৱ চয়, শুনি মহাজন সবে,
বঢ়া কথা বুলিবে তোমাৰ॥
ইমত অকাৰ্য্য তুমি, নকৰিবা দেৱহৰি
পাৰিষদ সমে যায়ো চলি।
যিহেতু তোমৰা মোক কৰিছা মাৰিবে মন,
নোহোঁ পৰি মৰাৰ পোৱালি॥
যদি মোক শীঘ্ৰ কৰি, মাৰিবাক নপাৰিবা,
নিজ থানে যায়োক পালটি।
কাকুতি কৰিয়া মাগোঁ, নধৰিবা দোষ মোৰ,
বড় আজি দিবো লটি ঘটি॥
ঈশ্বৰ পুৰুষ তুমি, সবাহাৰ পুজ্য স্বামী,
বাঢ়ি মোক নকৰিবা ৰণ।
তযু হাতে বধ যাই, তযু নিজ ৰূপ পাই,
চক্ৰ হানি মাৰা এতিক্ষণ॥