পৃষ্ঠা:কুলাচল বধ.djvu/২৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুলাচল-বধ।


হেন শুনি হৰি হাসিলন্ত খলখলি।
তাক কেৱে নজনিয় মহাভক্ত বুলি॥
এহি কহি বিজয়ক মাতি ভগৱন্ত।
আপোনাৰ চৰণৰ নুপুৰ দিলন্ত॥
শুনিয়ো বিজয় মোৰ লৈয়োক নুপুৰ।
আক হানি দানবৰ দৰ্প কৰা চুৰ॥
মাথা পাতি বিজয়ে নুপুৰ ধৰিলন্ত।
পৰম কৌতুকে ৰণভূমিক গৈলন্ত॥
পাৰিষদ সেনা বেঢ়ি যাই নিৰন্তৰ।
যথা পঞ্চাসুৰ বীৰে কৰয় সমৰ॥
জয় জয় শব্দ মিলিল কোলাহল।
ৰণ ধৰণীত বড় লাগিল ঘঞ্চল॥
আকাশ চানিয়া সিংহ যানত চড়িয়া।
পাঞ্চাসুৰ বীৰে ফুৰে প্ৰজা সংহৰিয়া॥
তাক যুঝিবাক নাহি কাহাৰ শকতি।
অন্তৰি পলাৱে মহাভয় পায়া অতি॥
হাহাকাৰ কৰি মহা ভয় চমকিল।
সেহি বেলা জয় পাৰিষদ প্ৰবেশিল॥
আকাশত তাৰ মাথা আছে মেষ চুই।
শৰ প্ৰহাৰিবে কাৰো পৰিমিত নুই॥