পৃষ্ঠা:কুলাচল বধ.djvu/২৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪২
কুলাচল-বধ।


শুনা পাৰিষদ, কি কাৰণে হেন,
 তোমৰাৰ কিবা ভৈল॥
কোন অপৰাধে, সৈণ্যক মাৰাহা
 ইটো কথা আচৰিত।
পাৰিষদ হুয়া, দন্দ কিনি ফুৰ,
 গৰ্ব্ব কৰি অনুচিত॥
মাধবৰ লগে, থাকি কেন মতে,
 প্ৰাণি হত্যা দোষ কৰ।
মহা মনোহৰ, বেশ ধৰি কিক,
 লোকৰ দ্ৰোহ আচৰ॥
মহন্তৰ হেন,  নুহি ব্যবহাৰ,
 শক্ত মিত্ৰ নাহি কয়।
জীৱ সমূহৰ, হিতক চিন্তয়,
 বৈষ্ণব তাকে বোলয়॥
গুণ্ডি পিম্পৰাক,  আদি কৰি যত,
 আছে যত প্ৰাণীগণ।
সবাৰো আনন্দ,  সাধিবেক তেবে,
 সাধুৰ হেন লক্ষণ॥
কাম ক্ৰোধ লোভ, মোহ অহঙ্কাৰ,
 দন্ত দ্বেষ বিৰহিত।