পৃষ্ঠা:কুলাচল বধ.djvu/২৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪০
কুলাচল-বধ৷

জানি মহাজনে মোক নিন্দা নকৰিবা।
শাস্ত্ৰ সব চাহি সবে প্ৰমাণ কৰিবা॥
হংসকাৰী ব্ৰক্ষ যামলৰ ঠাই ঠাই।
মহাগুরু দ্বৈপায়নে কি আছে দেখাই॥
তান অনুরূপে আমি লিখিলোঁ কেবলে।
মধু স্বত দুগ্ধে যেন অতিস্বাদ বলে॥
পৰম ৰহস্য ইটো শাস্ত্ৰ মধ্যে সাৰ।
ধৰ্মপক্ষী মুখে ভৈল লোকত প্ৰচাৰ॥
যেনয় দেখিলোঁ আমি তাকে বিৰছিলো।
বিষ্ণ বৈঞ্চবৰ কথা প্ৰকটি কহিলোঁ॥
ভাৰত ভূষণে কহে এড়ি গান কাম।
হৰিক নিত স্মৰি বোলা ৰাম ৰাম॥

⸻°⸻

দুলড়ি।

ধৰ্ম পক্ষিগণে  মাতিয়া কহস্ত
 শুনা মহামুনি সপ্ত৷
পাৰিষদ গণে দুৰ্নাই সৈন্যক
 মাৰি সাঙ্গ কৰিলন্ত॥
সৰপক ভয়ে পাছক ছসকি
 চলি গৈল সৈভচয়॥