পৃষ্ঠা:কুলাচল বধ.djvu/২৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৯
কুলাচল-বধ৷

এহি কছি ধৰ্ম্মপক্ষী প্ৰেমত মজিল।
হৰিৰ চৰিত্ৰ পুনু কহিৰে লাগিল॥৷
দেখা বুধজন কেনে কৃপা ঈশ্বৰৰ।
অধমো উত্তম হোৱে সঙ্গে ভকতৰ॥
শত্ৰু ভাবে সঙ্ক মাত্ৰ লভি পাণ্ডবৰ।
কুলাচল ভৈলা কেনে দেখা হৰিপৰ॥
এতেকে সন্তৰ সঙ্গে হৰি ভক্তি ধৰি।
তান গুণ নাম মুখে লৈয়ো যত্ন কৰি॥
ইহেন মনুষ্য জন্ম সেন্থৰে নপাই।
চিন্তামনি জন্ম হেৰা হাততে ছৰাই॥
উমান নোপোৰা কাল অজগনে গিলে।
ধন জল জীবন যাইবেক এক তিলে॥
যিটো পুত্ৰ দাৰাক মনত আশা কৰি।
নিচিতি আছহা কৃপাময় দেৱ হৰি॥
সকলে থাকিবে লগে যাইবে পাপ পুণ্য৷
যিনিশ চাহিবা-সবে দেখিযাহা শূন্য॥
নমো নমো নাৰায়ণ পুৰ্ণজজ্ঞ হৰি৷
ভাৰ স্থৰণৰ ছেকু আছা অবতৰি॥
হেনয় কৃষ্ণৰ পাৰে কৰিয়া কৰিয়া প্ৰগতি৷
ৰচিলো পৰাৰ ইটো কথা গূঢ় অতি॥