পৃষ্ঠা:কুলাচল বধ.djvu/২২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২১
কুলাচল-বধ।

এহি বুলি মুনিবৰে প্ৰেমত মজিলা।
শুনি ধৰ্ম্ম পক্ষী সবে কহিবে লাগিলা॥
শুনিয়োক পাছ কথা জৈমিনি মহন্ত।
পৰম ৰহস্য কথা কহিবো একান্ত॥
পৰম ভকত পাণ্ডৱক ৰণে জিনি।
নগৰ পশিল কুলাচল মহামানী॥
ৰণ বাদ্য কৰিয়া পশিল অভ্যন্তৰ।
কৰে জয় জয় তাৰ লোক নিৰন্তৰ॥
দিব্য-সভা পাতি সিটো পুছে সমস্তত।
কতমান সৈন্য বীৰ পড়িল ৰণত॥
কৈৰ পৰা অপূৰ্ব্ব মনুষ্য আসি ভৈলে।
অদাচিতে আসি মোৰ সৈন্যক মাৰিলে॥
অচিন্তি কৰিয়া গৈল আপুনিয়ো মৰি।
কিবা দেব কিবা ঋষি আইল মায়া কৰি॥
সৰ্ব্বকালে ঋষি সবে আমাক নিন্দয়।
বাৰে বাৰে আমৰাৰ বধক বাঞ্চয়॥
হেন শুনি তাৰ মন্ত্ৰী দিলেক উত্তৰ।
ৰণত পড়িল দেব সৈন্য বহুতৰ॥
মহাবীৰ মৰি গৈল ঠাইশ অযুত৷
পোন্ধৰ অজুত গজ পড়িল ৰণত॥