পৃষ্ঠা:কুলাচল বধ.djvu/২১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
কুলাচল-বধ।


আখি মুখ মুচি কৃষ্ণ চৰণক চাই।
মধুৰ বচনে বিনাৱন্ত মহাৰাই॥
শুনা বুধ জন কৃষ্ণ চৰিত্ৰ গহন।
এক চিত্ত কৰি আক কৰিয়ো শ্ৰবণ॥
যুধিষ্ঠিৰ বাক্যে আৰ লৈয়োক প্ৰমাণ।
কৃষ্ণৰ আগত ৰাজা বোলে বিদ্যমান॥
পুজা তন্ত্ৰে মন্ত্ৰে জানা কৃষ্ণক নপাই।
কেৱলে কীৰ্ত্তনে বশ্য় হোৱা যদুৰাই॥
হেন জানি সত্য মানি শুনা কৃষ্ণ কথা
ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা॥
পৰম ৰহস্য ইটো চৰিত্ৰ কৃষ্ণৰ।
আক পূৰ্ব্বে শুনা ভনা নাই একো নৰ॥
দ্বৈপায়ন মুনি মাৰ্কণ্ডেয়ত কহিলা।
মাৰ্কণ্ডেয় মুনি ধৰ্ম্ম পক্ষিক পঢ়াইলা॥
ধৰ্ম্মপক্ষিগণে যে জৈমিনিক কহিলা।
মহা পুণ্যতৰ ইটো মাধবৰ লীলা॥
সংসাৰ নিস্তাৰ ইটো পৰম শোভন।
ধৰিয়োক দৃঢ় কৰি মহা জ্ঞানীগণ॥
বদতি ভাৰত চন্দ্ৰ কৃষ্ণৰ কিঙ্কৰ।
মোক নিন্দা নকৰিবা মহাবুধ নৰ॥