এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
কুলাচল-বধ।
কংসৰ ভয়ত যেন গোকুলে চলিলা।
জগত তাৰণ হেতু কৰি বহু লীলা॥
এহি মতে কৃষ্ণৰ কহিয়া গুণ চয়।
কৰিবে লাগিলা তুতি কুন্তীৰ তনয়॥
নমো নন্দসুত নমো পুতনা শোষণ।
শকট ভঞ্জন দেব যশোদা বন্ধন॥
ভকত বৎসল তুমি ভাৰ বিনাশন।
নমো গোপ মুৰ্ত্তি প্ৰভু দেব সনাতন॥
শিংগা বেত বেণুধাৰী জগত মোহন।
অথ বক নাশী নমো ব্ৰহ্মাক মোহন॥
ইন্দ্ৰ মখ ভঙ্গ মহাগৰ্ব্ব বিনাশন।
বাত বৃষ্টি হন্তে ব্ৰজ পুৰক ৰক্ষণ॥
ঘোৰ কালিদমন ভকত ভয় হাৰী।
শৰতে ৰমিলা যিটো গোপৰ কূমাৰী॥
যিটো ভকতৰ দুঃখহাৰী নিৰঞ্জন।
মহা দুষ্ট শঙ্খচুৰ চিন্তিলা মাৰণ॥
কেশীক বধিলা মধুপুৰী পৰবেশ।
কূষলয় পীড়ক বধিলা ঋষীকেষ॥
ভকতৰ ভয় দুঃখ কৰা নিবৰ্ত্তন।
কংখ জৰাসন্ধ মাৰি ৰাখি ভক্তগণ॥