পৃষ্ঠা:কুলাচল বধ.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
কুলাচল-বধ৷

যত ধন পুত্ৰ পত্নী টাটকৰ খেড়ি।
কালে পাইলে একেতিলে হুইবে এড়াএড়ি॥
যাক মোৰ মোৰ বুলি মৰিচা এখন॥
সবে পড়ি ৰৈবে কালে ধৰিবে যেখন॥
হেন জানি ধৰা বন্ধু কৃষ্ণৰ ভকতি।
বিষ্ণু বৈষ্ণবৰ কথা শুনা এক চিত্তি॥
আতপৰে নাহি আউৰ তৰণ উপায়।
ভাৰত ভূমিত নৰ তনু আছা পায়॥
বিকল নকৰা বিষয়ক কৰি পান।
কাল সৰ্পে গিলি আছে দেখিয়ো প্ৰমাণ॥
এক চিত্ত মনে হৰি নামে কৰা ৰতি।
বোলা হৰি হৰি পাপ যাওক অধোগতি॥

———

ছবি।

বপুসত সব আগে জৈমিনি পুচন্ত পুনু
 কৈয়ো যেন মত পাছ কথা৷
কুলাচলে যেবে চাৰি  পাণ্ডবক ঢালি গৈল
 পাছে কেন কৰিলন্ত তথা॥
যুধিষ্ঠিৰ নৃপবৰে  কেন মতে শুনিলব
 শুনি কিবা কৰিলন্ত পাপ৷