পৃষ্ঠা:কুলাচল বধ.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
কুলাচল-বধ ৷

বিশেষত আমাৰ যত দৈত্য চয়।
আচল মনুষ্য আক চুইবে নলাগয়॥
হেন শুনি কুলাচলে বুলিলা বচন।
সাধু সাধু ৰাজা যত কহিলা কাৰণ॥
স্বৰূপ বচনে তুমি মোক শান্ত কৈলা।
আচল মনুষ্য আক চুইবাক নিদিলা॥
চ লয়ো ৰাজ্যক আবে শীঘ্ৰ কৰি যাঁও।
কত সেনা হত ভৈল বিমৰিষি চাও॥
এহি শুনি গিৰিশাই কটক লড়িলা।
গজঘণ্টা শবদত স্বৰগ পূৰিলা॥
দেখা জন্মিজয় কেনে কাৰ্য্য ভকতৰ।
পৰোক্ষে কাৰ্য্যক সাথে ভকত জনৰ॥
এতেকে ভকত শ্ৰেষ্ঠ জানা সংসাৰত।
জম্বুৰথ নৃপতিত বুঝিয়ো সমস্ত॥
তযু পিতামহ চাৰি ৰাখিলা কিমত।
বপুসতে কৈলা মহামুনিৰ আগত॥
শুনা সভাসদ গণ ৰহস্য পৰম৷
ইহাৰ শ্ৰৱণে হোৱে পাপ উপসম॥
বিষয়ৰ আশা চাড়ি শুনা এক চিত্তে।
ইসে মোক্ষ সাধিবেক দোৰ্ঘোৰ কলিতে॥

( ১৭ )