পৃষ্ঠা:কুলাচল বধ.djvu/১৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
কুলাচল-বধ ৷

আগ ভেন্টি দুই বীৰে শৰ জাক দিল।
দানৱ গোটক বেগে নিসন্ধি ফুটিল॥
আথ বেথ কৰি ৰথে উঠিল তথাই।
দুই হন্তক দেখি তাৰ ক্ৰোধ চৰিযাই॥
দুই গুটী চৱাৰ দেখিয়ো কেন কায।
আৰ দুই গোটা মৰি গৈল যমৰাজ॥
এহি বুলি অসংখ্যাত শৰ ধনু তুলি।
হামিলেক আথে বেথে দুই হন্তক বুলি।
দেখি দুয়ো ধীৰে তাৰ শৰ নগণিল।
বহুতৰ দিব্য বাণচয় প্ৰহাৰিল॥
কাটন ফুটন মহাশৰ প্ৰহাৰিল।
ঢিলমুঠি হুয়া তাৰ গাৱত পড়িল॥
এতেকে তাহাৰ গাৱে নভৈল সন্ধান।
পাছে দৈত্যে দুহান্তক হানি চাৰিবাণ॥
বোলে মানুষৰ চৱা বাস যমঘৰ।
এহি বুলি দুই হাঙ্কো হানিলা চাৰিশৰ
দুৰ্জ্জয় দারুণ বাণে দুইহাঙ্কো ভেদিল।
হৃদয়ত পড়ি পিঠি পাছে শৰকিল॥
পড়িলেক দুয়ো বীর একৈক প্ৰহাৰে।
দেখিয়া দেবতাসবে হাহাকাৰ কৰে॥