পৃষ্ঠা:কুলাচল বধ.djvu/১৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
কুলাচল-বধ ৷

বজ্ৰময় গাণ্ঠি তাৰ পাৱ ভয়ঙ্কৰ।
লহলহ জিহ্বা অতি দেখি লাগে ডৰ॥
শূলপাট আসে বেগে আকাশে উধাই।
যুৰিলেক শৰ বীৰে আকাশক চাই॥
আকৰ্ণ পুৰিয়া হানিলেক মহাবলী।
উঠিলেক মহা অগ্নি শৰৰ নিকলি॥
শৰৰ প্ৰভাবে দেবাসুৰ মহাভয়।
জানো ঘোৰশৰে সবাহাকে বিনাশয়॥
আকাশ চানিয়া শৰ বহি যাই চানি।
শূলপাট পাইল যেন তুলাত অগনি॥
ছাই কৰি পাড়িলেক ধৰণী মণ্ডলে।
শূল নাশি শৰপাট চলে কৌতুহলে॥
দানব গণত বড় বাগুৰি লাগিল।
কোলাহলে কাকো কেৱে গৰকি মাৰিল॥
ফুলাচল ৰাজাৰ লাগিল মহাভয়।
এতিক্ষণে মোৰ কেনে মৰণ মিলয়॥
কিনো বৰ পূৰ্ব্বে মোক অগস্তি দিলেক।
সিটো বৰ নষ্ট জানো ভৈলেক প্ৰত্যেক॥
কত যুগ বহি গৈল বৰ দূৰ ভৈল৷
ব্ৰাহ্মণৰ বৰ কোন কালে গুচি গৈল॥