পৃষ্ঠা:কুলাচল বধ.djvu/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
কুলাচল-বধ

পাছে দৈত্যে আথে বেথে কাঢ়ি শৰচয়।
অৰ্জ্জুনক প্ৰতি মহাকোপে গৰজয়॥
হাঞুৰে মানুষ চৱা মুনিসাই বৰ।
গোটাচাৰি শৰ সহ মোহোৰ হাতৰ॥
ক্ৰোধমনে ধনুত যুৰিয়া দুই বাণ।
পাণ্ডৱক হানিলেক কৰি মুঠি টান॥
দেখি কুন্তীসুত ধনঞ্জয় মহামানী।
বোলে মোক ভেদিবে খোজয় শৰ হানি॥
দুই শৰ হানি দুই বাণ নিবাৰিলা।
দেখি দৈত্যে নবপাট শৰ প্ৰহাৰিলা॥
ধনঞ্জয়ে কুৰিশৰে বিনাশিলা তাক।
বোলে আজি শূল হানি নাশিবোহোঁ আক॥
মোহোৰ আগত আৰ অত মুনিসাই।
এহি বুলি শূলপাট ধৰিলা উচাই॥
শূলধৰি দৈত্যে ঘোৰ আটাসেক দিল।
সকল জগতে বোলে পৃথিবী ফাটিল॥
দেখি অৰ্জ্জুনৰ চমকিত ভৈলা কায়।
ভীমসেনে বোলন্ত ভাতৃৰ প্ৰাণ যায়॥
তিনিখান মুখ শূল অগনি সমান।
বজ্ৰলোহে গঢ়ি আছে অতিশয় টান॥