পৃষ্ঠা:কুলাচল বধ.djvu/১৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
কুলাচল-বধ৷

অৰ্জ্জুনে বোলন্ত বাপু হেন কি বোলয়।
বিমুখ জনক কোনে প্ৰহাৰ কৰয়॥
মই মহা ক্ষত্ৰিকুলে ধনুৰ্ধৰ সাৰ।
বিমুখক কাতৰক কৰিবোঁ প্ৰহাৰ॥
এহি কথা কোনে কহে যুগুত নোহয়।
মৰণক ভয়ে বিমুখক প্ৰহাৰয়॥
এতেহন্তে কুলাচল সন্ধুকি উঠিল।
অৰ্জ্জুন বীৰক উচ্চৈঃস্বৰে প্ৰশংসিল॥
সাধু সাধু আচল মনুষ্য বীৰবৰ।
অনুমানে জানোঁ হোৱ দেবতো অপৰ॥
সফল মানুষ মাতৃগৰ্ভে উপজিল।
বিমুখ শক্ৰক যাতো শৰ নকৰিল॥
এহি বুলি ধলুখান তুলি মহাবেগে।
তিনি বাণে অৰ্জ্জুনক ভেদে সেহি চেগে॥
যমক দেখিল পাণ্ডুসুত মাহাবলী।
ডগমগি কৰিব চাদিলা হলহলী॥
পাক ফুৰি বহি পাছে আঝুড়িলা।
চাৰি পাট নৰাচ যে গুণত বুৰিলা॥
মহাবেগে কৰি বীৰ হানিয়া খেদাইল।
এক পাটে ধনুখান হাততে কাটিল॥