পৃষ্ঠা:কুলাচল বধ.djvu/১৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
কুলাচল-বধ৷

কাটিল ডাঙ্গৰ ধনু কাম মানিকৰ।
চিকিমিকি কৰৈ যেন কান্তি আদিত্যৰ॥
পুত্ৰৰ স্নেহত ধনু দিল পুৰন্দৰ।
ধৰিবে শকতি তাক নাহি মনুষ্যৰ॥
কৃষ্ণত ভকতৰ মহাবীৰ ধনঞ্জয়।
হৰি ভকতৰ কৈত অসাধ্য আছয়॥
দুইবাৰ মানে টঙ্কাৰিয়া আৰোহিলা।
দানব সেনা মাঝে খলক লাগিলা॥
দূৰক লাগিয়া সবে চাৰে নিৰন্তৰ।
আমাক যুঝিবে আসিলেক পুৰন্দৰ॥
গুণকটা ধনুখান অন্তৰ্দ্ধান ভৈল।
বাসবৰ গৈয়া ধনুশালত ৰহিল॥
পক্ষিগণে বোলে মুনি শুনিয়ো সমস্ত৷
পাণৰ সমান কোন আচয় ভকত॥
যাহাৰ সঙ্গক হৰি ক্ষণেকো নেৰন্ত৷
সৰ্ব্বভাবে ভকতক ৰাখিয়া ফুৰন্ত॥
মাধবৰ ভকত হোৱয় যিটো জন৷
দেৱতা সকলে পুৰে তাসম্বাৰ মন॥
দেখা অৰ্জ্ুনত কেনে দেবৰ আদৰ৷
আপোনাৰ ধনুক দিৱয় পুৰন্দৰ॥