পৃষ্ঠা:কুলাচল বধ.djvu/১৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
কুলাচল-বধ৷

বৃকোদৰে বোলে কিনোঁ অকাৰ্য্য মিলয়।
দুই ভাইৰ শৰে তাক ঢুকি নপাৱয়॥
চাৰিকোলে বেঢ়ি আছে বীৰ নিৰন্তৰ।
দেখিয়া ভীমৰ শঙ্কা লাগিল মনৰ॥
বপুসুতে বোলে মুনি শুনা তাতপৰ।
যেবে গুণ ছেদিলন্ত বীৰ অৰ্জ্জুনৰ॥
মনত বোলন্ত মোৰ মিলিল মৰণ।
বঘাসুৰ বধিবাৰ এহি ধনুখান॥
দেবগণে দিয়া আছে মহা বজ্ৰময়।
ব্ৰহ্মাবাক্যে বিশ্বকৰ্ম্মা গঢ়িয়া আছয়॥
হেনয় ধনুৰ দেখোঁ গুণ ছেদ ভৈল৷
অনুমানে মোহোৰ মৰণ বাৰ্ত্তা কৈল॥
এহি বুলি মনদুঃখে কৃষ্ণ কৃষ্ণ স্মৰি।
থৈলন্ত ভূমিত ছিগাধনু কাতি কৰি॥
এতহতে গিৰিশাই পড়িল মহীত।
কটা ধনুখান উঠি লভিলা তুৰিত॥
চিকিমিকি কৰে ধনু আগতে দেখিল।
কতোদূৰমানে সিটো ধৰণী লড়িল॥
পৰম কৌতুকে কুন্তীসুত মহাবলী।
মহাবল দিয়া ধনুখান লৈলা তুলি॥