পৃষ্ঠা:কুলাচল বধ.djvu/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৫
কুলাচল-বধ

শুদ্ধবৰ্ণ নাম তাৰ মহা মন্ত্ৰিবৰ।
বীৰমধ্যে তাক প্ৰশংসয় নিৰন্তৰ॥
সেহি সহদেবক ধাইলেক আথে বেথে।
উঠিয়া আছয় চাৰি গোটা খৰ ৰথে॥
ডাঙ্গৰ দীঘল মহাবীৰতে প্ৰধান।
সহদেব বীৰক হানিলা দুই বাণ॥
দুই বাহু ভেদি অতি কৰয় সন্ধান।
পাছে সহদেবে প্ৰহাৰিলা চাৰিবাণ॥
দুই শৰে হৃদয়ত সন্ধানে পূৰিল।
একশৰে ধনুখান হাততে কাটিল॥
পুনৰপি ধনু তাক ধৰিবে নিদিল।
খুৰবাণ হানি তাক মাথাক কাটিল॥
চাৰিবাণ হানি চাৰি খৰ মাৰিলন্ত।
সাৰথিক কাটিয়া আটোপ কৰিলন্ত॥
সিদ্ধ বিদ্যাধৰ সবে প্ৰশংসা কৰিলা।
মহাবীৰ সহদেব দানব বধিলা॥
তোমাৰ সমান ধনুুুুুধৰ কেহো নাই।
প্ৰহৰেক মনে ৰণ কৰৈ সেহি ঠাই॥
অনন্তৰে কৰ্ণদত্ত স্নত মহাবলী।
অৰ্জ্জুনৰ শৰসৰ পেহুলাইলা নিডলি॥